মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা উচ্চতৰ শিক্ষাৰ সঞ্চালক

প্ৰকাশন

অসম চৰকাৰে ১৯৫৮ চনৰ ২ মেত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰে। তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, কৃষি মন্ত্ৰী মইনুল হক চৌধুৰী, শিক্ষা মন্ত্ৰী দেৱেশ্বৰ শৰ্মা আৰু ডি.পি.আই. মন্ত্ৰী সুৰেশ চন্দ্ৰ ৰাজখোৱাৰ উদ্যোগত এই পৰিষদ গঠন হৈছিল। ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ বিশেষ অধিকাৰী পদত নিয়োজিত আছিল।

উদ্দেশ্য-

            অসম প্ৰকাশ পৰিষদ, পুথিসমূহৰ প্ৰচাৰ তথা ৰাজ্যত সাহিত্যক জনপ্ৰিয় কৰি তোলা আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত উচৰ্গিত। সাহিত্যৰ উত্তৰণেৰে সংস্কৃতিৰ উন্নয়ন কৰা পৰিষদৰ প্ৰয়াস। এই লক্ষ্যত উপনীত হবলৈ পৰিষদে বিভিন্ন পদক্ষেপ লয় যেনে- শিশু সাহিত্যৰ পৰা শব্দ-কোষলৈ বিভিন্ন ধৰণৰ কিতাপ প্ৰকাশ কৰা, সাহিত্য আৰু শিশু আলোচনী প্ৰকাশ কৰা, ঠায়ে ঠায়ে গ্ৰন্থমেলা আৰু সাহিত্য উত্সৱৰ আয়োজন কৰা, কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা ইত্যাদি।

পৰিষদৰ পৰিচালনা-

            পৰিষদৰ পৰিচালনাৰ বাবে এটা পৰিচালক বৰ্গ আছে, যাৰ সভাপতি হিচাপে থাকে সন্মানীয় শিক্ষামন্ত্ৰী আৰু সচিব হল উপ-সভাপতি আৰু আন আন সদস্যসকলক মনোনীত কৰা হয়। ৰাজ্যৰ বিশিষ্ট লেখক আৰু শিক্ষাবিদসকল এই পৰিচালক বৰ্গৰ সদস্য।

পুথিভঁড়াল-

            পৰিষদৰ গুৱাহাটীৰ বামুণীমৈদামত, বিভিন্ন বিষয়ৰ হাজাৰৰো অধিক কিতাপসহ এটা বৃহত্ স্থায়ী পুথিভঁড়াল আছে। পুথিভঁড়ালটো গৱেষক, শিশু আৰু সাধাৰণ জনতাৰ লগতে সকলোৰে বাবে মুকলি। গ্ৰন্থপ্ৰেমীয়ে ইয়াৰ সাহিত্য-সম্ভাৰৰ প্ৰয়োজনত সদ্ব্যৱহাৰ কৰিব পাৰে।

প্ৰকাশন-

            অসম প্ৰকাশন পৰিষদে অন্ততঃ ১০০০ শিৰোনামা প্ৰকাশ কৰি উলিয়াইছে আৰু তাৰ প্ৰায় ৫৫০ শিৰোনাম বৰ্তমান চনত অৱস্থাত আছে।

প্ৰাচীন/পুৰণি সাহিত্য-

            বিৰল পুথি প্ৰকাশৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্বীকৃতি পোৱা পৰিষদৰ প্ৰথম প্ৰকাশন আছিল হস্তবিদ্যাৰণভা,১৯৭৬। এই ঐতিহাসিক গ্ৰন্থখন ১৯৭৬ চনৰ ৮ জানুৱাৰীত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে উন্মোচন কৰিছিল। চৰকাৰে ১৯৭৬ চনত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় প্ৰতিযোগিতাত এই গ্ৰন্থখনে শ্ৰেষ্ঠ ছপা গ্ৰন্থৰ শিতানত সন্মানিত হয়। তাৰ এটা দশকৰ পাছত পৰিষদে গীতা গোবিন্দ নামৰ আন এখন ঐতিহাসিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। ১৯৮৬ চনৰ ১৮ নৱেম্বৰত ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং দেৱে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত উন্মোচন কৰে। এই শিতানত আন আন গ্ৰন্থসমূহ হল- প্ৰাচ্য শাসনাৱলী,১৯৭৪, কামৰূপ শাসনাৱলী,১৯৮১ আৰু ধৰ্ম পুস্তক,২০১২।

সংৰক্ষণ/সংৰক্ষিত মানদণ্ডৰ গ্ৰন্থ

            অসম প্ৰকাশন পৰিষদে, ১৯ শতিকাৰ প্ৰসিদ্ধ আৰু জনপ্ৰিয় অসমীয়া কাকত বা পত্ৰিকাসমূহৰ সংকলন প্ৰকাশ কৰি উলিওৱাৰ প্ৰস্তুতি চলায় আৰু পৰিষদে বৃহত্ আকাৰত সফলতাৰে অৰুণোদয়, আবাহন আৰু বাঁহী প্ৰকাশ কৰে আৰু পাঠক সমাজৰ যথেষ্ট সমাদৰো লাভ কৰে।

মহান লেখকসকললৈ সন্মান-

            অসম প্ৰকাশন পৰিষদে অসমীয়া ভাষা আৰু সাহিত্যৰ লেখত লবলগীয়া প্ৰায়বোৰ সাহিত্যিকৰে, তেওঁলোকৰ গোটেই লেখনিসমূহৰ সংকলন প্ৰকাশ কৰি যথোপযুক্ত সন্মান আগবঢ়াইছে। এইবোৰৰ ভিতৰত পদ্মনাথ গোঁহাই বৰুৱাদেৱৰ ৰচনাৱলী (১৯৭১), জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচনাৱলী (১৯৮১)ৰ লগতে কমলাকান্ত ভট্টাচাৰ্যদেৱ (১৯৮২), অম্বিকাগিৰি ৰায়চৌধুৰীদেৱ (২০০৭), হেমাংগ বিশ্বাস দেৱ (২০০৮), জগনেশ্বৰ শৰ্মা (২০০৮), ডিম্বেশ্বৰ নেওগ (২০১২), চন্দ্ৰপ্ৰসাদ শইকীয়া (২০১২), লক্ষ্মীনাথ বেজবৰুৱা (২০১৪), ৰঘূনাথ চৌধুৰী, বেণুধৰ শৰ্মা, মুনিন বৰকটকী, মামনি ৰয়ছম গোস্বামী, বিনন্দ চন্দ্ৰ বৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী, ৰত্ন ওজা আৰু কনকেশ্বৰ ডেকাদেৱৰ ৰচনা সমগ্ৰ অন্যতম। পৰিষদে মহান সংস্কৃত পণ্ডিত, আনন্দৰাম বৰুৱাদেৱৰ ঐতিহ্যপূৰ্ণ ৰচনাৰো পুনঃমুদ্ৰণ কৰে। তেখেতৰ ইংলিচ সংস্কৃত শব্দ কোষখনৰ বাহিৰে আন সমগ্ৰ কিতাপৰ পৰিষদে ২০০৭ চনত এটা সংকলন উলিয়ায়।

শিশু সাহিত্য-

            পৰিষদে শিশু সাহিত্যৰ প্ৰসাৰৰ হকে আৰম্ভণিৰে পৰা উদ্যোগ লৈ আহিছে। শিশু গ্ৰন্থ প্ৰকাশত পৰিষদে জন্মলগ্নৰে পৰাই উত্সাহ যোগাই আহিছে। সেইবোৰৰ ভিতৰত আছে পৌৰাণিক আৰু ঐতিহাসিক কাহিনী, উপন্যাস, জনপ্ৰিয়/ৰসাল/আমোদজনক বিজ্ঞানৰ ওপৰত ৰচিত কিতাপ, জীৱনী গ্ৰন্থ ইত্যাদি। পঞ্চতন্ত্ৰ সাধু, ৰামায়ণ আৰু মহাভাৰত, ইচপৰ সাধু ইত্যাদি আৰু গেলিলিঅ, গান্ধীজী, আব্ৰাহাম লিংকন, লাচিত বৰফুকন, মণিৰাম দেৱান আদিৰ জীৱনীমূলক গ্ৰন্থ ইত্যাদি হল পৰিষদে প্ৰকাশ কৰা কিছুমান জনপ্ৰিয় আৰু বেছি বিক্ৰী হোৱা শিশু গ্ৰন্থ।

শব্দকোষ-

            পৰিষদে প্ৰকাশ কৰা আধুনিক অসমীয়া অভিধানখনে বিস্তৃত বৰ্ণনাযুক্ত, ইয়াৰ সংক্ষিপ্ত আকাৰ আৰু উচিত দাম বা মূল্যৰ বাবে, ছাত্ৰ-ছাত্ৰী, শিক্ষক-সমাজ আৰু আন সকলোৰে, আটাইতকৈ বিশ্বাসী শব্দকোষ হিচাপে মান্যতা পাইছে। প্ৰথম প্ৰকাশৰ পৰাই এইখনে সৰ্বশ্ৰেষ্ঠ বিক্ৰেতা হৈ আছে। বিভিন্ন ভাষিক জনগোষ্ঠীৰ ভাষা-উপভাষাৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদে বড়ো আৰু ডিমাচা শব্দকোষো উলিয়াইছে। পৰিষদে ছাত্ৰ-ছাত্ৰী আৰু লেখকৰ সুবিধাৰ্থে অতি সোনকালে এখন এংলো-আছামিছ শব্দকোষো প্ৰকাশ কৰাৰ কথা।

অনুবাদ সাহিত্য-

            পৰিষদে অসমীয়া পাঠকসকলক বিশ্বৰ মহান সাহিত্যসমূহৰ সোৱাদ দিয়াৰ উদ্দেশ্যে অনুবাদ সাহিত্যত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। এতিয়ালৈকে বৃহত্ সংখ্যক কিতাপ অসমীয়ালৈ অনুবাদ কৰা হৈছে। এইবোৰৰ ভিতৰত মোৰ সত্য অন্বেষণৰ কাহিনী, (মহাত্মা গান্ধীৰ মাই এক্সপেৰিমেণ্টচ উইথ ট্ৰুথৰ অনুবাদ), ৰামায়ণ, কথা-মহাভাৰত, জাতক (৫টা খণ্ডত), ৰঘুবংশ, ৰবিনহুড, ডাঃ জিভাগ, বতাহে কপোৱা শিখা, সাগৰ চিলনী, লীলাৱতী, হৰ্ষ চৰিত্ৰ ইত্যাদি অন্যতম।

মাহেকীয়া আলোচনী-

            কিতাপৰ প্ৰকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে পৰিষদে ১৯৭৫ চনৰ এপ্ৰিল মাহত প্ৰকাশ নামৰ এখন সাহিত্য আলোচনী প্ৰকাশ কৰি উলিয়ায় যাতে সাহিত্যিক কাৰ্যকলাপ ৰাজ্যত বৃদ্ধি পায়. আলোচনীখন প্ৰথম অৱস্থাত তিনিমহীয়া আছিল যদিও, ১৯৭৭ চনৰ নৱেম্বৰৰ পৰা মাহেকীয়া আলোচনী হিচাপে প্ৰকাশ পায়। পৰিষদে মুকুতা নামৰ এখন শিশু আলোচনীও প্ৰকাশ কৰে। বৰ্তমান দুয়োখন আলোচনীয়েই মাহেকীয়াভাৱে প্ৰকাশ পায় আৰু শিশুসকলৰ মাজত সাহিত্য-চেতনা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ৰাজ্যৰ ন-পুৰণি লেখকসকলক এখন মঞ্চ প্ৰদান কৰি আহিছে।

সংবাদ পত্ৰ-

            ২০১৬ চনৰ গ্ৰন্থমেলাত, সম্পাদক হিচাপে প্ৰমোদ কলিতাৰ নেতৃত্বত গ্ৰন্থমেলা নামৰ সংবাদ পত্ৰৰ প্ৰকাশেৰে, গুৱাহাটী গ্ৰন্থমেলাই এক নতুন মাত্ৰা লাভ কৰে। লেখক গ্ৰন্থপ্ৰেমী আৰু প্ৰকাশকে সংবাদ পত্ৰখন আদৰি লয়।

সাহিত্য উত্সৱ-

            গুৱাহাটী গ্ৰন্থমেলাৰ উপৰিও ২০১৪ চনত পৰিষদে গুৱাহাটী সাহিত্য উত্সৱৰ আয়োজন কৰে আৰু সাহিত্যিক সমাজ আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ বিপুল সহাৰি লাভ কৰে। দেশ-বিদেশৰ সন্মানীয় লেখকসকলে ইয়াত অংশগ্ৰহণ কৰে। পুনৰবাৰ ২০১৭ চনত ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসৰ অধীনত ব্ৰহ্মপুত্ৰ সাহিত্য মহোত্সৱ গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত কৰাত পৰিষদে ভাগ লয়। এই উত্সৱত বিদেশৰ ১২জন লেখকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন সন্মানীয় সাহিত্যিকে ভাগ লয়। লেখক, পাঠক আৰু প্ৰকাশকক ভাৱৰ আদান-প্ৰদানৰ তথা বাৰ্তালাপৰ সুযোগ দিয়াৰ লগতে কিতাপ প্ৰকাশ আৰু অনুবাদৰ স্বত্বৰ ব্যৱসায়িক চুক্তি কৰাৰ, ই এক মুকলি সুযোগ তথা মঞ্চ দিয়ে। সাহিত্যৰ বিভিন্ন বিষয়ৰ ওপৰত কেইবালানি আলোচনাচক্ৰও অনুষ্ঠিত হয়।

যুৱ লেখকৰ প্ৰচাৰ-

            ক্ষেত্ৰ সমীক্ষা আৰু গৱেষণাৰে কিতাপ লিখাত/গ্ৰন্থ ৰচনা কৰাত ৰাজ্যৰ যুৱ লেখকসকলক উত্সাহ যোগোৱাৰ উদ্দেশ্যে পৰিষদে এটা নতুন অংশীদাৰী আঁচনি লৈছে আৰু বিভিন্ন বিষয়ত যুৱ লেখকৰ পৰা প্ৰস্তাৱ আহ্বান কৰিছে। মুঠ ১০০টা প্ৰস্তাৱ বাচনি কৰা হৈছে। পৰিষদে লেখকসকললৈ আৰ্থিক সাহায্য/অনুদান দি তথা কিতাপসমূহ প্ৰকাশ কৰি ১৫টা প্ৰকল্প সম্পূৰ্ণ কৰি তুলিছে। বাকী থকা প্ৰকল্পকেইটাও অনতিপলমে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।

একতাৰ/ঐক্যৰ বাবে সাহিত্যানুষ্ঠান-

            ৰাজ্যৰ বিভিন্ন ভাষা-জনগোষ্ঠীৰ লেখক-সাহিত্যিকসকলক উত্সাহ যোগোৱাৰ উদ্দেশ্যে আৰু ভাতৃত্ববোধৰ সৃষ্টি আৰু একতা এই সকলোৰে মাজত বজাই ৰখাৰ বাবে, পৰিষদে ২০১৬ চনত সহযাত্ৰা নামৰ এটা আয়োজন কৰে। ইয়াৰ জৰিয়তে এখন উচ্চমানৰ লগতে একেৰাহে গঠনমূলক এক অভিনৱ অনুষ্ঠানৰে যেনে- সাহিত্য সন্মিলন, কবি সন্মিলন ইত্যাদিৰে বৰ্তমানৰ আৰু সম্ভাৱ্য জনগোষ্ঠীয় লেখকসকলক এক মঞ্চ প্ৰদানৰ প্ৰয়াস কৰে।

সাহিত্য বঁটা-

            বিশেষ সাহিত্য কৰ্মক স্বীকৃতি দিয়াৰ উদ্দেশ্যে পৰিষদে ১৯৭৪ চনতেই প্ৰকাশন পৰিষদ বঁটা নামেৰে বছৰি এটা সাহিত্য বঁটা ঘোষণা কৰে। এই বঁটাটো ২০১২ চনৰ পৰা প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা নামেৰে পুনঃনামাকৰণ কৰা হয়। বিগত তিনি বছৰত এই বঁটাৰে সন্মানিতসকল হল- বিশিষ্ট কবি আৰু শিল্প সমালোচক নীলমণি ফুকন (২০১৪), বিশিষ্ট সাহিত্যিক ডাঃ নবীন চন্দ্ৰ শৰ্মা (২০১৫) আৰু বিশিষ্ট বিজ্ঞান লেখক ডাঃ দীনেশ চন্দ্ৰ গোস্বামী (২০১৬)।

সাফল্য-

            গ্ৰন্থ প্ৰকাশৰ লগতে গ্ৰন্থৰ বিষয়বস্তু অন্তৰ্নিহিত সূচী উপস্থাপন বা গ্ৰন্থৰ সাজ-সজ্জ্বা আৰু কভাৰ ডিজাইনৰ ক্ষেত্ৰত বিশেষ আৰু অনন্যতাৰ পৰিচয়ৰে অসম প্ৰকাশন পৰিষদে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে-

            ১. ১৯৭৩ চনত মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত ভাৰতৰ ইতিহাস নামৰ গ্ৰন্থৰ বাবে বাক সাহিত্য বঁটা।

            ২. কলাত্মক গ্ৰন্ৰ শিতানত ১৯৭৬ চনত সৰ্বভাৰতীয় পৰ্যায়ত চৰকাৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত হস্তীবিদ্যাৰণভা গ্ৰন্থৰ বাবে প্ৰথম পুৰস্কাৰ।

            ৩. কৌতিল্যৰ অৰ্থশাস্ত্ৰ প্ৰকাশনৰ বাবে ১৯৭৯ চনত চৰকাৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত ভাষিক গ্ৰন্থৰ শিতানত সন্মানিত।

            ৪. অসমীয়া বিশ্বকোষ আৰু লোকদৃষ্টিৰ প্ৰকাশৰ বাবে ১৯৮৮ চনত ৰাষ্ট্ৰীয় বঁটা।

নতুন পদক্ষেপ-

আলোচনাচক্ৰ আৰু সন্মিলন-

            ১৯৮৭ চনৰ পৰাই পৰিষদে বিভিন্ন সন্মিলন আৰু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। পিছলৈ ৰাজ্যৰ সম্ভাৱ্য লেখক আৰু প্ৰকাশকসকলক লাভান্বিত কৰাৰ উদ্দেশ্যে ধাৰাবাহিকভাৱে এলানি কৰ্মশালা আৰু আলোচনাচক্ৰ পতাৰ পৰিকল্পনা কৰা হয়। এই শিতানৰ কেইটামান প্ৰস্তাৱিত অনুষ্ঠান তলত উল্লেখ কৰা হল-

            ১. অনুবাদৰ কৰ্মশালা

            ২. উপন্যাস লিখাৰ কৰ্মশালা

            ৩. সম্পাদনা আৰু প্ৰুফ ৰিডিঙৰ কৰ্মশালা

            ৪. প্ৰকাশনৰ কৰ্মশালা

অনলাইন বিক্ৰী-

            সম্ভাৱনাপূৰ্ণ আৰু সমকালীন পাঠকৰ প্ৰয়োজন পূৰাবৰ বাবে পৰিষদে অনলাইন কিতাপ বিক্ৰী কৰিব পৰা এটি অনলাইন ষ্টোৰ খোলাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল গ্ৰন্থ

            পৰিষদে ডিজিটেল গ্ৰন্থ তথা অনলাইন কিতাপ আৰু বিক্ৰীৰ কথাও বিচাৰ-বিবেচনা কৰি আছে। এই পদক্ষেপৰ আৰম্ভণিতে ১০০খন জনপ্ৰিয় আৰু সৰ্বোত্তম বিক্ৰী হোৱা গ্ৰন্থ অসমীয়া আৰু ইংৰাজীত ডিজিটাইজড কৰাৰ কথা।

প্ৰকাশন পৰিষদ অসম-

            বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১

            Email- Publicationboard1958@gmail.com

            অসম প্ৰকাশন পৰিষদৰ কিতাপ অসমৰ প্ৰায়বোৰ মুখ্য বুকষ্টলতেই উপলব্ধ। বিশেষকৈ গুৱাহাটী পানবজাৰৰ বনলতা আৰু যোৰহাটৰ চাংকাকতি বুকষ্টল, অসম প্ৰকাশন পৰিষদৰ কিতাপৰ ডিষ্ট্ৰিবিউটৰ

অসম প্ৰকাশন পৰিষদৰ প্ৰকাশনৰ কিছুমান কিতাপৰ নাম-

            ১। ধৰ্মপুস্তক

            ২। হস্তী-বিদ্যাৰণভ

            ৩। গীতা-গোবিন্দ

            ৪। অসম বুৰঞ্জী (গুণাভিৰাম বৰুৱা)

            ৫। জ্যোতিপ্ৰসাদৰ ৰচনাৱলী

            ৬। বিশ্ব ইতিহাসৰ জিলিঙনি

            ৭। ইলিয়াড

            ৮। ওডিচি

            ৯। বাঁহীৰ সংকলন

            ১০। আবাহনৰ সংকলন

            ১১। বেজবৰুৱাৰ ৰচনাৱলী

            ১২। অৰুণোদয় সংকলন

            ১৩। ৰংমিলিৰ হাঁহি

            ১৪। জংগম

            ১৫। অনুসৃষ্টি

            ১৬। ৰিপোৰ্ট অন দা প্ৰভিন্স অৱ আছাম

            ১৭। জাতকমালা

            ১৮। লোকযাত্ৰা

            ১৯। দ্য অউনণ্ডাৰ ডেট ওৱাজ ইণ্ডিয়া