মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা উচ্চতৰ শিক্ষাৰ সঞ্চালক

ইতিহাস

  •           অসমত আধুনিক শিক্ষাৰ আৰম্ভ হয় ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুযায়ী ব্ৰিটিছ সাম্ৰাজ্যই অসম দখল কৰাত। ১৮৪০ চনত ডব্লিউ ৰবীনচনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমজন স্কুল নিৰীক্ষক হিচাপে নিযুক্তি লাভ কৰে। দেশীয় শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ অৱসান ঘটাবলৈ চৰকাৰী প্ৰচেষ্টা আৰু অন্যান্য সংস্থাই নতুন নতুন শিক্ষানুষ্ঠান পতাৰ পদক্ষেপ লয়। ১৮৭৫ চনলৈ সাৰ্বজনীন শিক্ষাৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা ৩১,৪৬২জনৰ অন্তৰ্ভুক্তিৰে ১২৯৩খনলৈ বৃদ্ধি পায়.

                ১৯৪৭ চনৰ স্বাধীনতাৰ পিছৰে পৰা শিক্ষাখণ্ডৰ তীব্ৰ প্ৰসাৰ ঘটে। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰ আৰু ৰাজ্যসমূহে ৰাষ্ট্ৰীয় বিকাশ আৰু নিৰাপত্তাৰ হকে অতি প্ৰয়োজনীয় বিবেচনা কৰি শিক্ষাখণ্ডক অধিক গুৰুত্ব প্ৰদান কৰিছিল। বিভিন্ন আয়োগ আৰু কমিটীয়ে শিক্ষা ব্যৱস্থাৰ সংশোধনীৰ সমস্যা আৰু ইয়াৰ পুনঃগঠন প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰিছিল। যোৱা শতিকাৰ শেষৰফালে ১৯৮৬ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা নীতি গ্ৰহণ কৰে।

                ৰাজ্যৰ শিক্ষাখণ্ডৰ নিযুক্তি, উন্নতি আৰু প্ৰসাৰৰ দিশত অসম চৰকাৰে যথেষ্ট সজাগ বুলি কব পাৰি। ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্ত অসম চৰকাৰে ৰাজ্যত প্ৰয়োগৰ বাবে অনুসৰণ কৰে। সেই অনুসাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (১৯৮৬) আৰু উচ্চ শিক্ষাত হস্তক্ষেপেৰে কাৰ্যযোজনা (১৯৮৬ পুনঃসংশোধন, ১৯৯২) অনুসৰণ কৰে। ইফালে শিক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰাত বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰমাণন পৰিষদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

                ১৯৭৪ চনতেই সাৰ্বজনীন শিক্ষা সঞ্চালকৰ পদবীটো আৰম্ভ কৰা হৈছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা পৰিচালিত ডি.পি.আই. কাৰ্যালয়ে সমগ্ৰ ৰাজ্যৰে শিক্ষাৰ সকলো দিশ যেনে- প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ, প্ৰাপ্তবয়স্ক, কাৰিকৰী ইত্যাদি শিক্ষা বিভাগৰ তদাৰক কৰিছিল। মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডে স্বাধীন ৰাজ্য হিচাপে বিচ্ছিন্ন হোৱাৰ পাছতো, ১৯৭৩ চনলৈকে অসমৰ ৰাজধানী গুৱাহাটীলৈ উঠি অহালৈ ডি.পি.আই. কাৰ্যালয় শ্বিলঙতে আছিল।

                বৰ্তমান উচ্চতৰ শিক্ষা সঞ্চালকৰ (ডি.এইচ.ই) পদবীটো ১৯৮৯ চনত যেতিয়া যোৱা শতিকাৰ সত্তৰ আৰু আশীৰ দশকত বহুতো সঞ্চালকৰ শাখা যেনে- কাৰিকৰী শিক্ষাৰ সঞ্চালকালয়, প্ৰাথমিক শিক্ষাৰ সঞ্চালকালয়, প্ৰাপ্তবয়স্ক শিক্ষাৰ সঞ্চালকালয়, উচ্চতৰ শিক্ষা আৰু এচ.চি.ই.আৰ.টি ইত্যাদি সঞ্চালকালয় বন্ধ হৈ যায়, তেতিয়া আৰম্ভ কৰে। কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা সঞ্চালকালয়ৰ হাতত অৰ্পিত হল। স্বাধীনতাৰ পিছত চিলেটৰ পৰা গুৱাহাটীলৈ বদলি হোৱা সংস্কৃত বোৰ্ডেও এটা পৃথক বিভাগ ৰূপে সঞ্চালকালয় যোগদান কৰে। শিক্ষক বাচনি প্ৰক্ৰিয়াত গুণগত মানদণ্ড উন্নয়নৰ বাবে ৰাজ্যিক নিৰ্বাচন বোৰ্ডক ইয়াত জড়িত কৰা হয়।