মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা উচ্চতৰ শিক্ষাৰ সঞ্চালক

নিযুক্তি

চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ বাবে-

অধ্যক্ষ পদৰ বাবে

অধ্যক্ষ পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা সহকাৰী অধ্যাপকৰ লগতে ইউ.জি.চি. আৰু অসম উচ্চতৰ শিক্ষা সঞ্চালকে নিৰ্ধাৰণ কৰি দিয়া ধৰণে, অতিৰিক্ত অৰ্হতাৰ গৰাকী হব লাগিব।

চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ বাবে উচ্চতৰ শিক্ষাৰ সঞ্চালকে বাতৰি কাকত আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি বিজ্ঞাপন দিয়ে। আনহাতে প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ বাবে বিজ্ঞাপন, সংশ্লিষ্ট মহাবিদ্যালয়সমূহৰ গভৰ্ণিং বডীৰ সভাপতিয়ে অসম উচ্চতৰ শিক্ষা সঞ্চালকৰ নিৰ্দেশ অনুযায়ী দিয়ে।

সহকাৰী অধ্যাপকৰ পদৰ বাবে

            অসমৰ বিভিন্ন চৰকাৰী আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপকৰ পদ আৰু গ্ৰন্থাগাৰী পদত আবেদন কৰিবৰ বাবে অৰ্হতা পূৰণ কৰাৰ লগতে সঠিক চেনেলৰ মাধ্যমেৰে আৰু অসম উচ্চতৰ শিক্ষা সঞ্চালকে পৰিচালনা কৰা নিয়মাৱলী পূৰণ কৰিব পৰা হব লাগিব। চৰকাৰী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক পদত ইণ্টাৰভিউৰ বাবে, বাতৰি কাকত আৰু আন প্ৰচাৰ মাধ্যমৰ যোগেদি অসম উচ্চতৰ শিক্ষা সঞ্চালকে বিজ্ঞাপনৰ দ্বাৰা অৰ্হতাসম্পন্ন প্ৰাৰ্থীক আবেদনৰ আহ্বান জনায়। আনহাতে, প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ ক্ষেত্ৰত বিজ্ঞাপনসমূহ সংশ্লিষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষই অসম উচ্চতৰ শিক্ষা সঞ্চালকৰ নিৰ্দেশ মতে প্ৰকাশ কৰে।

কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে-

            চৰকাৰী আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয় উভয়তে বিভিন্ন অনা- শিক্ষাবিদ পদৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ, চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰি দিয়া প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিশ্চয়কৈ থাকিব লাগিব।

পেন্সনৰ বাবে আবেদন –

            প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ নথিপত্ৰ, লিভ এনশ্যাশমেণ্ট বেনিফিটৰ প্ৰপজেল, জি.পি.আৰ.এফ.ৰ চূড়ান্ত প্ৰত্যাহাৰৰ প্ৰস্তাৱ ইত্যাদি, জাৰি কৰা পৰীক্ষণ সূচী অনুযায়ী, এই সঞ্চালকালয়ত জমা দিব লাগে। তাৰ পাছত প্ৰস্তাৱিত প্ৰস্তাৱৰ নথিপত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষণ কৰি সঞ্চালকালয়ে অনুমোদনৰ বাবে নিৰ্দেশ দিয়ে। এই সঞ্চালকালয়েই মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ জি.পি.এফ.ৰ চূড়ান্ত প্ৰত্যাহাৰ আৰু পেন্সনৰ নথিসমূহ অসমৰ মহাগাণনিকৰ ওচৰত দাখিল কৰে আৰু সেই অনুযায়ী তেওঁ জি.পি.এফ. আৰু পেন্সন জাৰি কৰে।